Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 18:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 আপোনালোকে হিষ্কিয়াৰ কথা নুশুনিব। কিয়নো অচূৰৰ ৰজাই এইদৰে কৈছে, ‘আপোনালোকে মোৰে সৈতে সন্ধি কৰক আৰু বাহিৰ হৈ মোৰ ওচৰলৈ আহঁক; তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ পৰা ফল খাব পাৰিব আৰু নিজৰ কুৱাঁৰ পানীও খাব পাৰিব।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 18:31
10 পৰস্পৰ সংযোগসমূহ  

চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।


বাহিনীসকলৰ যিহোৱাই কৈছে, ‘সেইদিনা প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াক নিজ নিজ দ্ৰাক্ষালতাৰ ডালৰ ওচৰলৈ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা।


যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল৷ তেওঁলোকে ভোজন-পান আৰু ৰং ধেমালি কৰিছিল।


মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়।


বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।


তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।”


হিষ্কিয়াই যেন এই কথা কৈ যিহোৱাৰ ওপৰত আপোনালোকক ভাৰসা নিদিয়ে যে, “যিহোৱাই আমাক অৱশ্যেই উদ্ধাৰ কৰিব; অচূৰৰ ৰজাৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিব।”


যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়।


তেওঁলোকৰ বৰ লোকসকলে নিজ নিজ অধীনৰ দাসবোৰক পানীৰ বাবে পঠাইছে। তেওঁলোকে জলাধাৰবোৰৰ ওচৰলৈ গৈ পানী নাপাই শুদা পাত্ৰ লৈ উলটি আহিছে; তেওঁলোকে লাজ পাই মুখ বিবৰ্ণ কৰিছে, আৰু তেওঁলোকৰ মূৰ ঢাকিছে।


গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন