Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 18:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 কিন্তু ৰবচাকিয়ে তেওঁলোকক ক’লে, “মোৰ প্ৰভুৱে কেৱল আপোনালোকৰ প্ৰভু আৰু আপোনালোকৰ ওচৰলৈকে এই সকলো কথা ক’বলৈ জানো মোক পঠাইছে? তেওঁ জানো গড়ৰ ওপৰত বহা সেই সকলো লোক, যিসকলে আপোনালোকৰ দৰেই বিষ্ঠা আৰু প্রস্রাৱ খাব লাগিব, তেওঁলোকৰ ওচৰলৈকো মোক পঠোৱা নাই?”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 18:27
11 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তেওঁ মোক ক’লে, “মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।


যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”


সুখাদ্য খোৱাসকলে আলিত অনাথ হৈ পৰি আছে; ৰঙা বিছনাত শুই ডাঙৰ-দীঘল হোৱা সকলে গোবৰৰ দ’ম সাবটিছে।


তেওঁলোকে মহা বিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।


সেয়ে চমৰিয়াত ভীষণ আকাল হ’ল; তেওঁলোকে নগৰখন এনেকৈ অৱৰোধ কৰি ৰাখিছিল যে খাবলৈ শেষত এটা গাধৰ মূৰ পর্যন্ত আশীটা ৰূপৰ মুদ্রাত আৰু এনেকি এক ‘কাব’ জোখৰ কপৌৰ বিষ্ঠাও পাঁচটা ৰূপৰ মুদ্রাত বিক্রী হৈছিল।


তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।


তেতিয়া হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, চেবনা আৰু যোৱাহে ৰবচাকিক ক’লে, “বিনয় কৰোঁ, আপোনাৰ দাসবোৰৰ লগত আপুনি অৰামীয়া ভাষাৰে কথা কওঁক, কাৰণ আমি তাক বুজি পাওঁ; কিন্তু গড়ৰ ওপৰত থিয় হৈ থকা লোকসকলে শুনিব পৰাকৈ আপুনি আমাৰ লগত ইব্ৰী ভাষাৰে কথা নক’ব।”


তেতিয়া ৰবচাকিয়ে থিয় হৈ অতি উচ্চস্বৰে ইব্ৰী ভাষাৰে ক’লে, “আপোনালোকে মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাৰ কথা শুনক;


কিন্তু ৰবচাকিয়ে ক’লে, “মোৰ প্ৰভুৱে তোমাৰ প্ৰভু আৰু তোমাৰ ওচৰলৈ জানো মোক এই বোৰ কথা ক’বলৈ পঠাইছে? যি সকলে তোমালোকৰ সৈতে নিজৰ বিষ্ঠা খাবলৈ, আৰু নিজৰ প্রস্রাৱ পান কৰিবলৈ গড়ৰ ওচৰত বহি আছে, তেওঁলোকৰ ওচৰলৈ জানো মোক পঠোৱা নাই?


পিয়াহ খোৱা কেঁচুৱাৰ জিভা পিয়াহত তালুত লাগিল; শিশুসকলে পিঠা খুজিছে, কিন্তু কোনেও তেওঁলোকক দিয়া নাই।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন