Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 18:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 18:17
11 পৰস্পৰ সংযোগসমূহ  

সেই বছৰত অচূৰৰ ৰজা চৰ্গোনে যেতিয়া তৰ্ত্তনক পঠালে, তেতিয়া তৰ্ত্তন অচ্‌দোদ নগৰলৈ আহিল; আৰু অচদোদৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে।


তেতিয়া যিহোৱাই যিচয়াক ক’লে, “তুমি তোমাৰ পুত্ৰ চাৰ-যাবূচৰ সৈতে ওপৰৰ পুখুৰীৰ নলাৰ শেষ অংশত, ধোবাৰ পথাৰৰ ফাললৈ যোৱা পথত আহজক সাক্ষাত কৰিবৰ অৰ্থে ওলাই যোৱা।


হিষ্কিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰমৰ কথা আৰু তেওঁ কেনেকৈ পুখুৰী আৰু নলা কৰি নগৰলৈ পানী আনিছিল, এই সকলো জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?


তাৰ পাছত ৰজা অচূৰীয়াই লাখীচৰ পৰা ৰবচাকিক বহুতো সৈন্যসামন্তই সৈতে যিৰূচালেমলৈ, ৰজা হিষ্কিয়াৰ ওচৰলৈ পঠালে। তেওঁ ধোবা-ঘাটলৈ যোৱা ৰাজ আলিৰ ওপৰত থকা পুখুৰীৰ নলাৰ ওচৰ চাপি তাৰ কাষত থিয় হ’ল।


তাৰ পাছত অচুৰৰ ৰজা চনহেৰীব যেতিয়া সৈন্য সামন্তই সৈতে লাখীচৰ ওচৰত আছিল, তেতিয়া যিৰূচালেমলৈ যিহূদাৰ ৰজা হিষ্কিয়াৰ আৰু যিৰূচালেমত থকা সকলো যিহূদাৰ লোকসকলৰ ওচৰলৈ তেওঁৰ দাসবোৰৰ দ্বাৰাই তেওঁ এইবোৰ কথা কৈ পঠিয়ালে৷


তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে।


তাৰ পাছত যিহূদাৰ ৰজা হিষ্কিয়াই যিহোৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পতাবোৰ এৰুৱাই সেইবোৰ অচূৰৰ ৰজাক দি দিলে।


তেতিয়া যিচয়াই তেওঁলোকক কৈছিল, “আপোনালোকৰ প্ৰভুক ক’ব যে, যিহোৱাই কৈছে, ‘তুমি যি শুনিছা অর্থাৎ অচুৰৰ ৰজাৰ দাসবোৰে মোক যি সকলো ঠাট্টা-বিদ্রূপ কৰিছে, তালৈ তুমি ভয় নকৰিবা।


তুমি নিজ দূতবোৰৰ দ্বাৰাই প্ৰভুৰ নিন্দা কৰি ক’লা, ‘মোৰ অধিক ৰথবোৰেৰে সৈতে পৰ্ব্বতবোৰৰ উচ্চ শিখৰলৈ, লিবানোনৰ আটাইতকৈ ওখ ওখ শিখৰলৈকে উঠি গলোঁ; মই তাৰ ওখ ওখ এৰচ গছবোৰ কাটি পেলাম আৰু তাৰ উত্তম উত্তম দেৱদাৰু গছবোৰ কাটি পেলাম; আৰু মই তাৰ বহুত দূৰলৈকে সোমাই যাম, সকলোতকৈ উত্তম ফলৱতী অৰণ্যৰ ভিতৰলৈ সোমাই যাম।


তেওঁ গড়েৰে আবৃত থকা যিহূদাৰ নগৰবোৰ আটক কৰি যিৰূচালেমলৈ আহিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন