Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 17:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 তেতিয়া অচূৰৰ ৰজাৰ আগত তেওঁলোকে ক’লে, “আপুনি যি জাতিবোৰক আনি চমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে, তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক নাজানে। সেয়ে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে।”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 17:26
5 পৰস্পৰ সংযোগসমূহ  

যিসকলে চমৰিয়াৰ পাপৰ শপত খাই কয়, ‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’ নাইবা কয়, ‘বেৰ-চেবাৰ দেৱতাৰ শপত’ তেওঁলোক পতিত হ’ব; পুনৰায় কেতিয়াও নুঠিব।


তেতিয়া অচূৰৰ ৰজাই এই আজ্ঞা দিলে, “তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক। তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক শিকাওক।”


তাৰ পাছত চমূৱেলে লোকসকলৰ আগত ৰাজ্যৰ ৰীতি-নীতি ব্যাখ্যা কৰিলে, আৰু এখন পুস্তকত এই সকলো লিখি যিহোৱাৰ সন্মুখত ৰাখিলে। তাৰ পাছত চমূৱেলে লোকসকলক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই দিলে।


সেয়েহে, এতিয়া সিহঁতৰ কথা শুনা; কিন্তু নম্ৰভাৱে সিহঁতক সাৱধান কৰা আৰু সিহঁতৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব, সেই ৰজাৰ নিয়ম প্ৰণালী সিহঁতক বুজাই দিয়া।”


সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন