2 ৰাজা 17:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201911 যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল; অধ্যায়টো চাওক |
কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।
যিহোৱাই কৈছে, “মৰুভূমিত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক বিচাৰি পালোঁ; প্রথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলোঁ; কিন্তু তেওঁলোকে বাল-পিয়োৰৰ ওচৰলৈ গৈ সেই লজ্জাপূর্ণ মূর্তিটোৰ উদ্দেশে নিজকে দিছিল; তাতে তেওঁলোকৰ প্রিয় মূর্তিটোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল।