20 পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।
উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷
যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ শাসনকালত আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টিয়া মীখালৈ অহা যিহোৱাৰ বাক্য।
যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
আহজ তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত লোকসকলে তেওঁক ইস্ৰায়েলৰ ৰজাসকলৰ মৈদামনীত মৈদাম নিদিলে, কিন্তু যিৰূচালেম নগৰৰ মাজত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ হিষ্কিয়া তেওঁৰ পদত ৰজা হ’ল।
আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;
পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
এলাৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ তৃতীয় বছৰত, যিহূদাৰ ৰজা আহজৰ পুত্ৰ হিষ্কিয়াই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল।
পাছত উজ্জাৰ বাৰীত থকা নিজৰ মৈদামনিত তেওঁক মৈদাম দিলে। তেওঁৰ পুত্ৰ যোচিয়া তেওঁৰ পদত ৰজা হ’ল।
এতিয়া তেওঁ কৰা সকলো কৰ্ম আৰু তেওঁৰ চৰিত্ৰৰ বৃত্তান্ত প্ৰথমৰে পৰা শেষলৈকে সকলো কথা যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল।
তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।
পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।