Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 15:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

38 পাছত যোথম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল। তেওঁক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল আৰু তেওঁৰ পুত্ৰ আহজ তেওঁৰ পদত ৰজা হ’ল।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 15:38
12 পৰস্পৰ সংযোগসমূহ  

উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷


আহজে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল, বিশ বছৰ; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, সেয়া তেওঁ নকৰিলে৷


আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;


ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।


পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।


যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।


এই হেতুকে তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আমাৰ প্ৰভু মহাৰাজৰ বাবে এজনী কুমাৰী যুৱতী বিচাৰি চোৱা যাওঁক। তেতিয়া তাই মহাৰাজৰ সন্মূখত থাকি ৰজাৰ আলপৈচান ধৰাৰ লগতে আমাৰ প্ৰভু মহাৰাজৰ গাত উম পাবলৈ তেওঁৰ বুকুত শয়ন কৰিব।”


তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম।


সেই কালত, যিহোৱাই যিহূদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ পেকহক পঠাবলৈ আৰম্ভ কৰিলে।


তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।


পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।


যোথম তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আহজ, তেওঁৰ পদত ৰজা হৈছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন