Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 15:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 মনহেমে এই ধন ইস্রায়েলত থকা প্রত্যেক ধনী-প্রতিপত্তিশালী ব্যক্তিসকলৰ পৰা দাবী কৰি আদায় কৰিছিল। অচুৰৰ ৰজাক দিবৰ কাৰণে প্ৰত্যেকে পঞ্চাশ চেকলকৈ ৰূপ মনহেমক দিব লাগিছিল। তাতে অচূৰৰ ৰজাই ইস্রায়েল দেশ এৰি গুছি গ’ল।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 15:20
9 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ সাত হাজাৰ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।


যিহোয়াকীমে ফৰৌণ নখোৰ দাবী অনুসাৰে তেওঁক সেই ৰূপ আৰু সোণ দিলে; ফৰৌণৰ নির্দেশত তেওঁ ধন দিয়াৰ কাৰণে মাটিৰ কৰ নিৰূপণ কৰিলে; ফৰৌণ নখোক দিবলৈ দেশৰ লোকসকলৰ মাজত প্রতিজনকে সোণ আৰু ৰূপ দিবৰ কাৰণে তেওঁ বাধ্য কৰিলে।


ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচুৰৰ ৰজা তিগ্লৎ-পিলেচৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।


সেই বৰ্জ্জিলয় অতি বুঢ়া, আশী বছৰ বয়সীয়া, ৰজা মহনয়িমত থকা কালত তেওঁ ৰজাক আহাৰ যোগাইছিল; কাৰণ তেওঁ অতিশয় প্ৰতিপত্তিশালীলোক আছিল।


ইলীমেলকৰ গোষ্ঠীৰ মাজৰ বোৱজ নামেৰে এজন ভদ্ৰ আৰু ধনীলোক নয়মীৰ স্বামীৰ সম্পৰ্কীয় আছিল।


তাৰ পাছত অচুৰৰ ৰজা পুল ইস্রায়েল দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া ৰজা মনহেমে ইস্রায়েল ৰাজ্য সুস্থিৰ ৰাখিবৰ কাৰণে পুলৰ সহায় যেন তেওঁৰ লগত থাকে, তাৰ বাবে তেওঁ পুলক এক হাজাৰ কিক্কৰ ৰূপ দি নিজৰ পক্ষ কৰি ল’লে।


মনহেমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন