22 ৰজা অমচিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, ৰজা অজৰিয়াই এলৎ নগৰ পুনৰ নির্মাণ কৰিলে আৰু যিহূদাৰ অধীনলৈ আনিলে।
সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে।
ৰজা চলোমনে ইদোম দেশৰ চূফ সাগৰ তীৰত থকা এলতৰ ওচৰৰ ইচিয়োন-গেবৰত এখন জাহাজ সাজিছিল।
সেয়ে আমি আমাৰ ভাই চেয়ীৰৰ বাসিন্দা এচৌৰ বংশধৰৰ ওচৰেদি পাৰ হৈ আহিলোঁ। আমি এলৎ ও ইচিয়োন-গেবৰ নগৰৰ পৰা অৰাবাৰ বাট ত্যাগ কৰি মোৱাবৰ মৰুভূমিলৈ যোৱা পথৰ ফালে ঘূৰিছিলোঁ।
তেৱেঁই এলত নগৰ পুনৰ সাজিছিল আৰু পুনৰায় তাক যিহূদাৰ অধীনত ৰাখিছিল। তাৰ পাছত ৰজাই তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল।
সেই কালত চলোমন ইদোম দেশৰ সাগৰৰ তীৰত থকা ইচিয়োন-গেবৰলৈ আৰু এলতলৈ গ’ল।
পাছত যিহূদাৰ সকলো লোকে অজৰিয়াক তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিলে। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল বছৰ।
যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।