Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 13:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 ইলীচাই ক’লে, “পূব ফালৰ খিড়িকিখন খুলি দিয়ক।” তাতে ৰজাই তাক খুলি দিলে। তাৰ পাছত ইলীচাই ক’লে, “কাঁড় মাৰি দিয়ক!” ৰজাই সেইদৰে কাঁড় মাৰি দিলে। তেতিয়া ইলীচাই ক’লে, “এইয়া যিহোৱাৰ জয়লাভৰ কাঁড়, অৰামৰ ওপৰত জয়লাভৰ কাঁড়; আপুনি অফেকাত অৰামীয়াসকলক সমূলে ধ্বংস নকৰালৈকে আক্রমণ কৰিব।”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 13:17
14 পৰস্পৰ সংযোগসমূহ  

পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।


বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।


যেতিয়া সেই নুনি গছ কেইজোপাৰ মাজেৰে সৈন্য যোৱাৰ নিছিনা শব্দ শুনিবা, তেতিয়া সৈন্য-সামন্তৰে সৈতে আক্ৰমণ কৰিবা৷ কিয়নো তেতিয়াই যিহোৱাই পলেষ্টীয়াসকলৰ সৈন্য-সামন্তক আক্রমণ কৰিবৰ অৰ্থে তোমাৰ আগতেই গ’ল, গতিকে তুমি এইদৰেই কৰা৷”


সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে।


এই লাখুটিডাল তুমি নিজ হাতত লোৱা। এই লাখুটি ডালেৰেই তুমি চিনবোৰ দেখুৱাবা।”


যিহোৱাই তেওঁক ক’লে, “তোমাৰ হাতত কি আছে?” মোচিয়ে ক’লে, “লাখুটি।”


অফেকৰ ৰজা, লচাৰোণৰ ৰজা,


তাৰ পাছত ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ হাত ধনুত ৰাখক।” তেতিয়া ৰজাই ধনুখনৰ ওপৰত হাত ৰাখিলে। ইলীচাই নিজৰ হাত ৰজাৰ হাতৰ ওপৰত থলে।


তেওঁ পুনৰ ক’লে, “আপুনি কাঁড়বোৰ লওঁক।” ৰজাই সেইবোৰ লোৱাৰ পাছত ইলীচাই ইস্রায়েলৰ ৰজাক ক’লে, “সেইবোৰেৰে মাটিত আঘাত কৰক।” তাতে ৰজাই মাটিত তিনিবাৰ আঘাত কৰিলে।


তাৰ পাছত তেওঁলোকে সাত দিনলৈকে সন্মুখা-সন্মুখি হৈ ছাউনিত থাকিল। সপ্তম দিনা যুদ্ধ লাগিল। তাতে ইস্ৰায়েলৰ সন্তান সকলে একে দিনাই অৰামীয়াসকলৰ এক লাখ পদাতিক সৈন্যক সংহাৰ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন