5 তাৰ পাছত তেওঁ তেওঁলোকক নির্দেশ দি ক’লে, “আপোনালোকে এই কাম কৰিব লাগিব: আপোনালোকৰ যিসকলে বিশ্রামবাৰে কাম কৰিবলৈ যাব, তেওঁলোকৰ তিনি ভাগৰ এভাগে ৰাজগৃহ পহৰা দিব।
তেওঁৰ মেজত থকা আহাৰ, তেওঁৰ দাসবোৰে বহা ঠাইবোৰ, আৰু তেওঁলোকৰ কৰ্মবোৰ, তেওঁলোকে পিন্ধা সাজ-পোচাক, আনকি পান-পাত্ৰ কৰোঁতাসকল, আৰু তেওঁ যিহোৱাৰ গৃহলৈ হোম-বলি উৎসৰ্গ কৰিবলৈ যোৱা পদ্ধতি, এইবোৰ দেখি তেওঁ মুগ্ধ হৈ গৈছিল।
তাৰ পাছত যিহোয়াদাই শত-সেনাপতি, দেহৰক্ষী, ৰক্ষক-সেনাসকল আৰু দেশৰ সকলো লোকক লগত লৈ যিহোৱাৰ গৃহৰ পৰা ৰজা যোৱচক উলিয়াই আনিলে। তেওঁলোকে ৰক্ষক-সেনাসকলৰ দুৱাৰৰ বাটেদি ৰাজগৃহলৈ আহিল সোমাই আহিল। এইদৰে যোৱাচ ৰাজ সিংহাসনত বহিল।
এক ভাগ ছুৰ দুৱাৰত থাকিব আৰু এক ভাগ ৰক্ষক-সেনাগৃহৰ পাছফালৰ দুৱাৰত থাকিব।”
যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে।
তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।
তেওঁলোকৰ গাঁৱত থকা ভাইসকল সাত দিনৰ মূৰত পালক্ৰমে ঘূৰি আহিব লগা হৈছিল।
তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে এই কথা শুনি ৰাজ গৃহৰ পৰা যিহোৱাৰ গৃহলৈ আহিল, আৰু তেওঁলোক যিহোৱাৰ গৃহত নতুন দুৱাৰৰ সোমোৱা ঠাইত বহিল।