Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 11:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 পুৰোহিত যিহোয়াদাই তেতিয়া যিসকলৰ ওপৰত সেনাদলৰ ভাৰ আছিল, সেই শত-সেনাপতিসকলক নির্দেশ দিলে, “তেওঁক শাৰীবোৰৰ মাজলৈ বাহিৰলৈ লৈ আনা। তেওঁৰ সমর্থক যিকোনো লোক তেওঁৰ পাছে পাছে বাহিৰলৈ আহিব, তেওঁক তৰোৱালেৰে বধ কৰিব।” কিয়নো পুৰোহিতে কৈছিল, “তেওঁক যেন যিহোৱাৰ গৃহৰ ভিতৰত বধ কৰা নহয়।”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 11:15
10 পৰস্পৰ সংযোগসমূহ  

এই হেতুকে এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা আৰু হাত তালি দিয়া; অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক! সেয়ে তেওঁলোকৰ ভিতৰ- কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল!


তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে।


কিন্তু যিহোয়াদা পুৰোহিতে সৈন্যৰ অধ্যক্ষ শতপতিসকলক বাহিৰলৈ আনি ক’লে, “তাইক দুই শাৰীৰ মাজেদি বাহিৰলৈ লৈ যোৱা; যি জন লোক তাইৰ পাছত যাব, তেওঁক তৰোৱালেৰে বধ কৰা হওক।” কিয়নো পুৰোহিতে কৈছিল, “যিহোৱাৰ গৃহৰ ভিতৰত তাইক বধ নকৰিবা।”


তাৰ পাছত দায়ুদ ৰজাৰ যি যি বৰচা, ঢাল আৰু বাৰূ ঈশ্বৰৰ গৃহত আছিল, যিহোয়াদা পুৰোহিতে সেইবোৰ শতপতিসকলক দিলে।


সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।


তাতে গোটেই নগৰ অস্থিৰ হোৱাত, মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি লৈ গল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হল।


তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”


সেয়ে অথলিয়াক তেওঁলোকে বাট এৰি দিলে। তাৰ পাছত তেওঁ ঘোঁৰা সোমোৱা ফালৰ দুৱাৰেদি ৰাজগৃহলৈ গৈছিল আৰু তাতে তেওঁক বধ কৰা হ’ল।


যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন