Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 10:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 10:13
8 পৰস্পৰ সংযোগসমূহ  

অৰামৰ ৰজা হজায়েলৰ সৈতে ৰামাত যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে কৰা সেই আঘাতৰ পৰা সুস্থ হ’বৰ কাৰণে ৰজা যোৰাম যিজ্ৰিয়েললৈ ঘূৰি গ’ল। যিহোৰামৰ পুত্র যিহূদাৰ ৰজা অহজিয়াই আহাবৰ পুত্ৰ যোৰামে আঘাত পাই অসুস্থ হোৱা বাবে তেওঁক চাবলৈ যিজ্রিয়েললৈ নামি গ’ল।


পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।


তাতে তেওঁলোকে যিহূদাৰ বিৰুদ্ধে আহি গড় ভংগ কৰি, ৰাজ-গৃহত পোৱা সকলো সম্পত্তিবোৰ লৈ গ’ল৷ আনকি তেওঁলোকে তেওঁৰ পুত্ৰসকল আৰু লগতে তেওঁৰ পত্নীসকলকো লৈ গ’ল৷ তাতে তেওঁৰ কনিষ্ঠ পুত্ৰ যিহোৱাহজৰ বাহিৰে তেওঁৰ এটাও পুত্ৰ অৱশিষ্ট নাথাকিল।


পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।


তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।


চিখিম, চীলো আৰু চমৰিয়াৰ পৰা অহা সম্পূর্ণ ডাঢ়ি খুৰুউৱা, পিন্ধা কাপোৰ ছিৰা আৰু নিজ নিজ গা কাটকুট কৰা আশী জন মানুহ যিহোৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন