Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 ৰাজা 10:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 10:10
13 পৰস্পৰ সংযোগসমূহ  

তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে?’ আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।”


“আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”


পাছত যেহূ চমৰিয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে; যিহোৱাই এলিয়াক যি কৈছিল সেই অনুসাৰে যেহূৱে তেওঁলোকক বিনষ্ট কৰিলে।


যিহোৱাই যেহূৰ আগত যি কৈছিল, “তোমাৰ বংশৰ চাৰি পুৰুষলৈকে ইস্ৰায়েলৰ সিংহাসনত বহিব” সেয়া পূর্ণ হ’ল।


সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,


তেতিয়া ৰজাই হামনক ক’লে, “বেগাই আহাঁ, তুমি ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়লৈ সেই দৰেই কৰা। তুমি কোৱা কথাৰ এটা কথাও ত্ৰুটি নকৰিবা।”


কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”


আকাশ আৰু পৃথিৱী লুপ্ত হ’ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ’ব।


আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”


চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু যিহোৱাৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন