2 ৰাজা 1:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201916 তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।” অধ্যায়টো চাওক |
উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”
সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম।