Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 ৰাজা 1:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 1:10
22 পৰস্পৰ সংযোগসমূহ  

তেতিয়া মীখায়াই ক’লে, “তুমি যদি কোনো ৰূপে শান্তিৰে উভটি আহাঁ, তেন্তে যিহোৱাই মোৰ মুখে এই বাক্য কোৱা নাই।” তেওঁ পুনৰায় ক’লে, “হে জাতি সমূহ, এই বিষয়ে সকলোৱে শুনক।”


ৰজাই আকৌ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠালে। সেই সেনাপতিয়েও এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক এতিয়াই নামি আহিবলৈ কৈছে।”


কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।


এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।”


“তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।”


তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল। অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে।


ৰজাৰ আজ্ঞা যথাযথভাবে পালন কৰা হৈছিল, আৰু অগ্নিকুণ্ড অতিশয় তপত আছিল, সেয়ে চদ্ৰক, মৈচক আৰু অবেদ-নেগোক লৈ যোৱা মানুহ কেইজনক সেই অগ্নিশিখাই গ্রাস কৰিলে।


তেতিয়া ৰজাই ক’লে, “কিন্তু মই চাৰিজন মানুহ মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰি থকা দেখিছোঁ; আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই, আৰু চতুৰ্থ জনৰ উজ্জলতা দেৱতাৰ পুত্ৰৰ দৰে।”


ৰজাই আজ্ঞা দিয়াত, দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তান সকল, আৰু ভাৰ্যা সকলক সিংহৰ গাতত পেলোৱা হ’ল। তাতে তেওঁলোক গাতৰ তলত নাপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি ডোখৰ ডোখৰ কৰিলে।


তেতিয়া যিহোৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই তেওঁলোকক গ্ৰাস কৰিলে; তেওঁলোকে যিহোৱাৰ সন্মূখত প্ৰাণত্যাগ কৰিলে।


পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে।


তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।


লোক সকলে তেওঁক ক’লে, “তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।”


ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, “হে প্ৰভু, স্বৰ্গৰ পৰা জুই ওলাই আহি সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?”


তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷


কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।


তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন