31 পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পিতৃ দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; আৰু তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম।
আপুনি যদি ইয়াকে নকৰে, তেনেহলে মোৰ প্ৰভু মহাৰাজ ওপৰ-পিতৃসকলৰ লগত যেতিয়া ওপৰ-পিতৃসকলৰ সৈতে নিদ্ৰিত হ’ব, তেতিয়া মই আৰু মোৰ পুত্ৰ চলোমন অপৰাধী হিচাবে গণিত হ’ব।”
পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।
পাছত ৰহবিয়াম চিখিমলৈ গ’ল; কিয়নো তেওঁক ৰজা পাতিবলৈ গোটেই ইস্ৰায়েল চিখিমলৈ গৈছিল।