Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 7:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 পুৰোহিতসকলে নিজ নিজ সেৱা কৰা ঠাইত থিয় হৈ আছিল; আৰু যিহোৱাৰ ধন্যবাদ কৰি দায়ুদ ৰজাই যিহোৱাৰ গীত গাবৰ কাৰণে যি বাদ্য-যন্ত্ৰ নিৰ্ম্মাণ কৰিছিল, সেই বাদ্যযন্ত্ৰ লেবীয়াসকলে হাতত লৈ থিয় হ’ল আৰু বাদ্য বজাই দায়ূদৰ ৰচিত গীত গাই ক’লে, বোলে, “কিয়নো যিহোৱাৰ দয়া চিৰকাললৈকে থাকে৷” পুৰোহিতসকলেও তেওঁলোকৰ আগত তূৰী বজালে; আৰু গোটেই ইস্ৰায়েল থিয় হ’ল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 7:6
26 পৰস্পৰ সংযোগসমূহ  

দায়ুদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উদযাপন কৰিলে।


চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল।


যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।


আৰু দায়ূদৰ আদেশ অনুসাৰে, আনন্দেৰে আৰু গানেৰে সৈতে, মোচিৰ ব্যৱস্থাত লিখামতে, যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ, দায়ূদে যিহোৱাৰ গৃহত যি লেবীয়া পুৰোহিতসকলক ভাগ ভাগ কৰি দিছিল, তেওঁলোকৰ হাতত যিহোয়াদাই যিহোৱাৰ গৃহৰ কাৰ্য্যভাৰৰ বাবে তেওঁলোকক নিযুক্ত কৰিলে।


হিষ্কিয়াই ৰজা দায়ূদৰ দৰ্শক গাদ আৰু নাথন ভাববাদীৰ আজ্ঞা অনুসাৰে তাল, নেবল আৰু বীণা লোৱা লেবীয়াসকলক যিহোৱাৰ গৃহত উপস্থিত কৰালে; কিয়নো যিহোৱাই তেওঁৰ ভাববাদীসকলৰ দ্বাৰাই ইয়াকে কৰিবলৈ আজ্ঞা দিছিল।


পাছত হিষ্কিয়াই যজ্ঞবেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে৷ যেতিয়া হোমৰ আৰম্ভ হ’ল, তেতিয়া তুৰীৰ লগতে ইস্ৰায়েলৰ ৰজা দায়ূদৰ বাদ্যযন্ত্ৰৰে সৈতে যিহোৱাৰ গান আৰম্ভ হ’ল।


আৰু যি লেবীয়াসকলৰ গায়ক আছিল, তেওঁলোক অৰ্থাৎ আচফ, হেমন, যিদূথূন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি শণ সূতাৰ বস্ত্ৰ পিন্ধি, হাতত তাল, নেবল আৰু বীণা লৈ, যজ্ঞবেদীৰ পূব ফালে থিয় হৈ আছিল৷ তেওঁলোকৰ লগত এশ বিশ জন পুৰোহিতে থাকি তুৰী বজাই আছিল।


তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷


অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷”


ৰজা চলোমন বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু সকলোৱে মিলি ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে।


মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে।


তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।


যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!


যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।


গায়ক আৰু নাচনীবোৰে একেভাৱে ক’ব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”


সেইবাবেই মোৰ লোকসকলে মোৰ নাম জানিব; তেওঁলোকে সেই দিনা জানিব যে মইয়ে সেই জন যি জনে এই কথা কৈছোঁ। হয় মইয়ে।”


যিসকলে বীণা বাদ্যেৰে অসাৰ্থক গীত গায়, দায়ুদৰ নিচিনাকৈ বাদ্য-যন্ত্ৰত গীত ৰচনা কৰে,


আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন