Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 7:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 তেতিয়া আন আন লোকসকলে উত্তৰ দি ক’ব, ‘এওঁলোকৰ পূৰ্বপুৰুষসকলে মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক এওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেবতাবোৰত আসক্ত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱাপূজাও কৰিলে৷ এই কাৰণে যিহোৱাই এওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’৷”

অধ্যায়টো চাওক কপি কৰক




2 বংশা 7:22
10 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই আমাৰ আৰু আমাৰ শাসকসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে, আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো যিৰূচালেমলৈ যেনে কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।


তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য দেখিলে, তেওঁলোকে তোমালোকক শান্তনা দিব; তেতিয়া তোমালোকে জানিবা যে, মই তাৰ বিৰুদ্ধে কৰা একোকে বিনা কাৰণে কৰা নাই!” এয়ে প্ৰভু যিহোৱাৰ বাক্য।


তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে নির্মান কৰা মূর্তিৰ আগত প্ৰণিপাত কৰিছে!


এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।


তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।


কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা,” তেন্তে যিহোৱাই কৈছে, “মই মোৰ নামেৰে শপত খাই কৈছোঁ, তেনেহ’লে এই গৃহ উচ্ছন্ন ঠাই হব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন