Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 7:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 তেনেহলে মই তোমাৰ ৰাজ সিংহাসন স্থাপন কৰিম, যিদৰে তোমাৰ পিতৃ দায়ূদে সৈতে নিয়ম স্থাপন কৰোঁতে কৈছিলোঁ যে, বোলে, ‘তোমালোকৰ বংশধৰৰ সন্তান সকলে ইস্ৰায়েলৰ ওপৰত শাসন কৰোঁতে তেওঁলোক কেতিয়াও বিফল নহ’ব৷’

অধ্যায়টো চাওক কপি কৰক




2 বংশা 7:18
9 পৰস্পৰ সংযোগসমূহ  

এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপোনাৰ দাস মোৰ পিতৃ দায়ূদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপোনাৰ এই দাসলৈ পালন কৰক কিয়নো আপুনি কৈছিল বোলে, ‘তুমি মোৰ আগত যেনেকৈ চলিলা, তেনেদৰে তোমাৰ সন্তান সকলেও যদি এইদৰে মোৰ ব্যৱস্থাত চলিবলৈ নিজ নিজ পথত সাৱধান হৈ থাকে, তেনেহ’লে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব৷’


তেতিয়া মই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম; যেনেদৰে মই তোমাৰ পিতৃ দায়ুদৰ আগত প্ৰতিজ্ঞা কৰি কৈছিলোঁ বোলে, ‘ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ বংশৰ মানুহৰ কেতিয়াও অভাৱ নহ’ব৷’


যাতে মোৰ বিষয়ে যিহোৱাই কোৱা সেই বাক্য তেওঁ সিদ্ধ কৰিব বোলে, ‘তোমাৰ সন্তান সকলে যদি সত্যভাৱে সকলো চিত্তেৰে আৰু সকলো প্ৰাণেৰে মোৰ আগত চলে, তেনেহ’লে ইস্ৰায়েলৰ সিংহাসনত বহিবলৈ তোমাৰ সম্বন্ধীয়া লোক এজনৰো অভাৱ নহ’ব’৷


আৰু তুমিও যদি তোমাৰ পিতৃ দায়ূদৰ দৰে মোৰ সাক্ষাতে চলা আৰু মই তোমাক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা আৰু মোৰ বিধি ও শাসন প্ৰণালীবোৰ পালন কৰা,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন