Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 6:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 তেনেহ’লে সেই বিষয়ে কৰা যি কোনো প্ৰাৰ্থনা বা অনুৰোধ আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনি ক্ষমা কৰিব আৰু প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি, কেৱল আপুনিহে মনুষ্য সন্তান সকলৰ মন জানে; তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব৷

অধ্যায়টো চাওক কপি কৰক




2 বংশা 6:30
18 পৰস্পৰ সংযোগসমূহ  

তেন্তে তেওঁৰ যি কোনো প্ৰাৰ্থনা কি মিনতি হওক, আপুনি নিজ বাসস্থান স্বৰ্গত থাকি তাক শুনিব, ক্ষমা কৰিব আৰু কাৰ্য কৰি প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি, কেৱল আপুনিহে আটাই মনুষ্য সন্তান সকলৰ মন জানে; তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব;


হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।


হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।


আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।”


আৰু যদি কোনো এজন লোকে বা আপোনাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলে প্ৰাৰ্থনা আৰু অনুৰোধ কৰে - যদি প্ৰতিজনে নিজৰ পীড়া আৰু দুখ জানি এই গৃহৰ ফালে নিজৰ হাত মেলে,


আপুনি এনেদৰে কৰক যাতে তেওঁলোকে আপোনালৈ ভয় ৰাখে আৰু আপুনি অামাৰ পূর্ব-পুৰুষসকলক দিয়া দেশত তেওঁলোকে যেন জীয়াই থকা সকলো দিনত আপোনাৰ পথত চলে৷


হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।


ঈশ্বৰ মোৰ ঢাল; যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে।


চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে।


মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা। প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।


এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।


কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”


মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।


সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব।


মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।


কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন