Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 4:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷

অধ্যায়টো চাওক কপি কৰক




2 বংশা 4:2
10 পৰস্পৰ সংযোগসমূহ  

তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।


তেতিয়া আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷


“সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।


কলদীয়াসকলে যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভবোৰ, পাত্র থোৱা আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ-পাত্ৰটো ডোখৰ ডোখৰকৈ ভাঙি সেই পিতল বেবিলনলৈ লৈ গ’ল।


পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।


তেওঁ বেদিৰ সকলো সামগ্রী যেনে, ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ, এই সকলো সামগ্রী পিতলেৰে গঢ়ালে।


যি মহিলাসকলে সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰত সেৱা কৰিছিল, সেই মহিলাসকলৰ পিতলৰ দৰ্পণেৰে বচলেলে ডাঙৰ প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুঁটা গঢ়ালে।


হদদেজৰ টিভৎ আৰু কূন নগৰৰ পৰা দায়ূদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্ৱাৰাই চলোমনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ, আৰু পিতলৰ পাত্ৰবোৰ নিৰ্ম্মাণ কৰিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন