Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 35:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 তোমালোকে নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিয়া আৰু নিজক শুচি কৰা৷ মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিবলৈ নিজৰ ভাইসকলৰ বাবে আয়োজন কৰা।”

অধ্যায়টো চাওক কপি কৰক




2 বংশা 35:6
21 পৰস্পৰ সংযোগসমূহ  

তেওঁ তেখেতসকলক ক’লে, “হে লেবীয়াসকল, আপোনালোকে মোৰ কথা শুনক! আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অশুচি বস্তুবোৰ উলিয়াই পেলাওঁক।


তেওঁলোকে নিজৰ ভাইসকলক গোটাই নিজক পবিত্ৰ কৰিলে আৰু যিহোৱাৰ বাক্য অনুসাৰে অহা ৰজাৰ আজ্ঞা পালন কৰি যিহোৱাৰ গৃহ শুচি কৰিবলৈ সোমাল।


লোকসকলক গোটোৱা, সমাজখন পবিত্ৰ কৰা, পৰিচাৰকসকলক গোটোৱা, শিশুসকলক গোটোৱা আৰু পিয়াহ খোৱাসকলক গোটোৱা। দৰা নিজৰ কোঁঠালিৰ পৰা, আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক।


এচোব বনেৰে তুমি মোক পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।


পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।


তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।


তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা।


প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।


কিন্তু পুৰোহিতসকল তাকৰ হোৱা বাবে, তেওঁলোকে আটাইবোৰ হোম-বলিৰ ছাল বখলিয়াবলৈ অসমৰ্থক হ’ল; এই বাবে সেই কাম নোহোৱালৈকে, আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে; কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবীয়াসকলৰ মন অধিক সৰল আছিল।


তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”


যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।


তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা।


পাছত যোচিয়াই যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে; আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনত নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিলে।


যোচিয়াই উপস্থিত হোৱা প্ৰজাসকলৰ সকলোকে কেৱল নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে জাকৰ পৰা লেখৰ ত্ৰিশ হাজাৰ ভেড়া আৰু ছাগলী পোৱালি দিলে৷ আৰু তাৰ বাহিৰে তিনি হাজাৰ ভতৰা দিলে; এই সকলোকে ৰজাৰ সম্পত্তিৰ পৰা দিয়া হ’ল।


পাছত নিস্তাৰ-পৰ্ব্বৰ আটাই বলি দিয়া হ’ল, পুৰোহিতসকলে তেওঁলোকৰ হাতৰ পৰা তেজ লৈ ছটিয়ালে আৰু লেবীয়াসকলে পশুবোৰৰ ছাল বখলিয়ালে।


পাছত পুৰোহিতসকল সেই পবিত্ৰ স্থানৰ পৰা ওলাই আহিল৷ উপস্থিত হোৱা পুৰোহিতসকলে নিজকে পবিত্ৰ কৰিছিল; তেওঁলোকে নিজকে আন দলৰ পৰা পৃথক কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক বিচৰা আগতে তেওঁলোকে নিজকে আনুষ্ঠানিক ভাবে পবিত্ৰকৰণ কৰিছিল৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন