10 এইদৰে সেৱকীয়া কাৰ্যৰ ঠিক ঠাক হোৱাত, ৰজাৰ আজ্ঞা অনুসাৰে পুৰোহিতসকল নিজ নিজ ঠাইত আৰু লেবীয়াসকল নিজ নিজ পাল অনুসাৰে থিয় হ’ল।
মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে।
তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল৷ পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে।