Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 34:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 ‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 34:28
12 পৰস্পৰ সংযোগসমূহ  

তেতিয়া হিষ্কিয়াই যিচয়াক ক’লে, “তুমি যিহোৱাৰ যি বাক্য ক’লা, সেয়ে উত্তম।” কাৰণ তেওঁ ভাবিলে যে, “মোৰ দিনত সেই ঠাইত শান্তি আৰু স্থিৰতা হ’ব।


সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।


তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।


তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।


‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ‍ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।


হিষ্কিয়াই তেতিয়া যিচয়াক ক’লে, “আপুনি যিহোৱাৰ যি কথা ক’লে, সেয়ে উত্তম।” তেওঁ এই কথা ক’লে, কাৰণ তেওঁ ভাৱিছিল, “মোৰ জীৱন কালত শান্তি আৰু নিৰাপদ হ’লে, সেয়ে জানো উত্তম নহ’ব?”


“আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”


এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।


তাৰ পাছত ৰজাই মানুহ পঠিয়াই যিহূদা আৰু যিৰূচালেমৰ বৃদ্ধ লোকসকলক গোট খোৱালে।


অৱশ্যে হিষ্কিয়া আৰু যিৰূচালেম-নিবাসীসকলে নিজ নিজ মনৰ গৰ্ব বুজি নিজকে নম্ৰ কৰিলে, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ হিষ্কিয়াৰ ৰাজত্ব কালত সিদ্ধ কৰা নহ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন