22 তেওঁৰ বাপেক মনচিয়ে কৰাৰ নিচিনাকৈ তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁৰ পিতৃ মনচিয়ে কৰা আটাই কটা-প্ৰতিমাৰ উদ্দেশ্যে তেওঁ বলিদান কৰিলে আৰু সেইবোৰক সেৱা-পুজা কৰিলে।
আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
আৰু অৰণ্যত মই তেওঁলোকৰ সন্তানসকলক কলোঁ, ‘তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিধিবোৰত নচলিবা, বা তেওঁলোকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁলোকৰ প্রতিমাবোৰেৰে তোমালোকে নিজক অশুচি নকৰিবা।