Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 32:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 তাৰ পাছত অচুৰৰ ৰজা চনহেৰীব যেতিয়া সৈন্য সামন্তই সৈতে লাখীচৰ ওচৰত আছিল, তেতিয়া যিৰূচালেমলৈ যিহূদাৰ ৰজা হিষ্কিয়াৰ আৰু যিৰূচালেমত থকা সকলো যিহূদাৰ লোকসকলৰ ওচৰলৈ তেওঁৰ দাসবোৰৰ দ্বাৰাই তেওঁ এইবোৰ কথা কৈ পঠিয়ালে৷

অধ্যায়টো চাওক কপি কৰক




2 বংশা 32:9
9 পৰস্পৰ সংযোগসমূহ  

তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।


তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ লিব্‌নাৰ পৰা লাখীচলৈ গ’ল৷ তেওঁ তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।


লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা; চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ; কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।


তাৰ পাছত ৰবচাকিয়ে উভটি গৈ ৰজা অচূৰীয়াই লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পালে; কাৰণ তেওঁ শুনিলে যে, ৰজা লাখীচৰ পৰা আঁতৰি গ’ল।


তাৰ পাছত ৰজা অচূৰীয়াই লাখীচৰ পৰা ৰবচাকিক বহুতো সৈন্যসামন্তই সৈতে যিৰূচালেমলৈ, ৰজা হিষ্কিয়াৰ ওচৰলৈ পঠালে। তেওঁ ধোবা-ঘাটলৈ যোৱা ৰাজ আলিৰ ওপৰত থকা পুখুৰীৰ নলাৰ ওচৰ চাপি তাৰ কাষত থিয় হ’ল।


লাখীচ, বস্কৎ, ইগ্লোন৷


যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,


“অচুৰৰ ৰজা চনহেৰীবে এই কথা কৈছে, ‘তোমালোকে কাৰ ওপৰত নির্ভৰ কৰি যিৰূচালেমক দখল কৰিবলৈ সুৰক্ষিত অৱস্থাত আছা বুলি ভাবিছা?


অদোৰয়িম, লাখীচ, অজেকা,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন