Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 32:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 অৱশ্যে হিষ্কিয়া আৰু যিৰূচালেম-নিবাসীসকলে নিজ নিজ মনৰ গৰ্ব বুজি নিজকে নম্ৰ কৰিলে, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ হিষ্কিয়াৰ ৰাজত্ব কালত সিদ্ধ কৰা নহ’ল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 32:26
14 পৰস্পৰ সংযোগসমূহ  

তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে?’ আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।”


“আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”


তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।


তেতিয়া যিহোৱাই তেওঁলোকক নম্ৰ হোৱা দেখি চময়িয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে, “তেওঁলোক নম্ৰ হ’ল৷ মই তেওঁলোকক বিনষ্ট নকৰোঁ; কিন্তু অলপ সময়ৰ কাৰণেহে তেওঁলোকক উদ্ধাৰ কৰিম আৰু চীচকৰ হাতৰ দ্বাৰাই যিৰূচালেমৰ ওপৰত মোৰ ক্ৰোধ ঢলা নাযাব।


হিষ্কিয়াৰ অধিক ধন আৰু সন্মান আছিল৷ তেওঁ নিজৰ বাবে ৰূপৰ, সোণৰ, বহুমুল্য বাখৰ, সুগন্ধিদ্ৰব্য, ঢালৰ আৰু সকলোবিধ বহুমুল্য পাত্ৰৰ ভঁৰাল ৰাখিছিল৷


তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে।


আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্যলঙ্ঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেয়ে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আচেৰা মুৰ্ত্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল, সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে।


আৰু তেওঁৰ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল, তেনেকৈ তেওঁ যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে৷ কিন্তু এই আমোনে দোষৰ ওপৰি দোষ কৰিলে।


প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন