2 বংশা 32:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201925 কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল। অধ্যায়টো চাওক |
হিষ্কিয়াক সেই চিঠিবোৰ পঢ়ি শুনালে। তাৰ পাছত ৰজাই সেই বার্তাবাহকসকলক সম্পূর্ণ ৰাজপ্রাসাদটো দেখুউৱাৰ লগতে নিজৰ বহুমূল্য দ্ৰব্য, যেনে ৰূপ, সোণ, সুগন্ধি মছলা, মূল্যৱান তেল আৰু তেওঁৰ অস্ত্র-সস্ত্র আদি ভঁৰালৰ আটাই বস্তু তেওঁলোকক দেখুৱালে। হিষ্কিয়াৰ ৰাজগৃহত বা তেওঁৰ গোটেই ৰাজ্যত এনে একোৱেই নাথাকিল, যি তেওঁ তেওঁলোকক নেদেখুৱালে।
স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।