Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 32:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 এই হেতুকে হিষ্কিয়াই তোমালোকক নুভুলাওঁক আৰু সেই দৰে তোমালোকৰ প্ৰবৃত্তি নজন্মাওঁক৷ আৰু তোমালোকে তাত প্ৰত্যয় নকৰিবা, কিয়নো মোৰ হাতৰ পৰা আৰু মোৰ ওপৰ পিতৃসকলৰ হাতৰ পৰা নিজ প্ৰজাসকলক উদ্ধাৰ কৰিবলৈ, কোনো জাতি কি ৰাজ্যৰ কোনো দেৱতাৰে সাধ্য নাছিল৷ তেন্তে তোমালোকৰ ঈশ্বৰে যে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব, ই তাতকৈ কিমান কম পৰিমাণে অসম্ভব।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 32:15
14 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’


ৰজাই এইদৰে কৈছে, ‘হিষ্কিয়া ৰজাই যেন আপোনালোকক প্রতাৰণা নকৰে; কিয়নো মোৰ অধিকাৰৰ পৰা আপোনালোকক ৰক্ষা কৰিবলৈ তেওঁৰ সাধ্য নাই।


“তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।”


আমাৰ ঈশ্বৰ যিহোৱাই আমাক ৰজা অচুৰৰ হাতৰ পৰা উদ্ধাৰ কৰিব, এই কথা কৈ হিষ্কিয়াই ভোকত আৰু পিয়াহত মৰিবলৈ দিবৰ বাবে তোমালোকক ভুলোৱা নাইনে?”


চনহেৰীবৰ দাসবোৰে আনকি ঈশ্বৰ যিহোৱাৰ আৰু তেওঁৰ দাস হিষ্কিয়াৰ বিৰুদ্ধে আৰু অধিক কথা ক’লে।


ফৰৌণে তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ লগত থাকক; যিহেতু মই তোমালোকক সন্তানসকলৰ সৈতে যাবলৈ এৰি দিছোঁ, আৰু চোৱা, তোমালোকৰ মন কিছু দুষ্টতাৰে পৰিপূৰ্ণ।


ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”


‘যিহোৱাই আমাক উদ্ধাৰ কৰিব বুলি’ হিষ্কিয়াই তোমালোকক নুভুলাওক। লোকসকলৰ কোনো এজন দেৱতাই জানো ৰজা অচূৰীয়াৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছিল?


আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।


এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”


সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।


কিন্তু ‘যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়’ পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াত বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে।


মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন