Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 31:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 তেওঁৰ অধীনত এদন, মিন্যামীন, যেচুৱা, চময়ীয়া, অমৰীয়া আৰু চফনিয়া এওঁলোকেই পুৰোহিতসকলৰ নগৰবোৰত থাকিল৷ তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী ভাইসকলক পাল অনুসাৰে উপহাৰৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ’ল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 31:15
8 পৰস্পৰ সংযোগসমূহ  

আৰু যিহীয়েল, অজৰিয়া, নহৎ, অচাহেল, যিৰীমোৎ, যোজাবদ, ইলীয়েল, যিস্মখিয়া, মহৎ আৰু বনায়া, এওঁলোকক হিষ্কিয়া ৰজাৰ আৰু ঈশ্বৰৰ গৃহৰ অধ্যক্ষ অজৰিয়া আজ্ঞাতে কননীয়া আৰু তেওঁৰ ভায়েকক চিমিয়ীৰ অধীনত নিযুক্ত কৰা হ’ল।


তেতিয়া সেই লেবীয়াসকল উঠিল: কহাতৰ সন্তান সকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ যোৱেল, মৰাৰীৰ সন্তান সকলৰ মাজৰ অব্দীৰ পুত্ৰ কীচ আৰু যিহল্লেলৰ পুত্ৰ অজৰিয়া; গেৰ্চোনীয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ যোৱাহ আৰু যোৱাহৰ পুত্ৰ এদন;


তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।


যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।


আৰু যিম্নাৰ পুত্ৰ কোৰি নামেৰে যি লেবীয়া মানুহ পূৱ ফালৰ দুৱাৰৰ দুৱৰী আছিল, যিহোৱাই পোৱা উপহাৰ আৰু মহা পবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে, ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্তহস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁ অধ্যক্ষ হ’ল।


দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন