Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 29:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে; তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম-বলি নিদিলে।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 29:7
7 পৰস্পৰ সংযোগসমূহ  

পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি ডোখৰ ডোখৰ কৰিছিল৷ তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু যিৰূচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞ-বেদী সাজিছিল।


“ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসৰ্গ গ্ৰহণ নকৰিম।


তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।


সেই যজ্ঞবেদীৰ ওপৰত তুমি প্রতিদিনে সদায় এবছৰীয়া দুটা মেৰ-ছাগ পোৱালি বলি উৎসৰ্গ কৰিবা।


হাৰোণে প্রতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন