2 বংশা 29:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20196 কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে। অধ্যায়টো চাওক |
“তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”