Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 29:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 তেতিয়া তেওঁলোকে ৰাজ্যৰ, ধৰ্মধামৰ আৰু যিহূদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে সাতোটা ভতৰা, সাতোটা মতা ভেড়া, সাতোটা ভেড়া পোৱালি আৰু সাতোটা মতা ছাগলী অানিলে৷ তাতে তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰোণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 29:21
12 পৰস্পৰ সংযোগসমূহ  

যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাঁড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল।


তেতিয়া হিষ্কিয়া ৰজাই অতি পুৱাই উঠি নগৰৰ অধ্যক্ষসকলক গোট খুৱালে আৰু তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গ’ল।


বন্দীত্বৰ পৰা ঘূৰি অহা দেশান্তৰিত লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে: ইস্ৰায়েলৰ বাবে বাৰটা ভতৰা গৰু, ছয়ানব্বৈটা মতা ছাগলী, সাতসত্তৰটা মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ বাবে বাৰটা মতা ছাগলী উৎসৰ্গ কৰিলে। এই সকলোবোৰ যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি।


এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”


আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব।


পাছত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ পৰা পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ দুটা ছাগলী আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল’ব।


বিলিয়মে বালাকক ক’লে, “তুমি এই ঠাইত মোৰ কাৰণে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু এই ঠাইতে মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”


তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।


বিলিয়মে বালাকক ক’লে, “এই ঠাইত মোৰ বাবে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু ইয়াতো মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”


তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন