Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 28:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি ডোখৰ ডোখৰ কৰিছিল৷ তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু যিৰূচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞ-বেদী সাজিছিল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 28:24
12 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে; তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম-বলি নিদিলে।


আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে।


কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদি’ বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।


আথিনী চহৰত পৌলে চীল আৰু তীমথিয়ৰ কাৰণে অপেক্ষাত থাকোতে, সেই চহৰ মূৰ্তিবোৰেৰে পূর্ণ হৈ থকা দেখিলে। তাতে তেওঁৰ অন্তৰ-আত্মা অতি ব্যথিত হৈ উঠিল।


গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ। গিলগলত লোকসকলে বলধ উৎসর্গ কৰে; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।


তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক; কিয়নো হে যিহূদা, তোমাৰ যিমান নগৰ, সিমান তোমাৰ দেৱতা আছে।


তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।


তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ক্ৰোধিত হ’বলৈ এইদৰে উত্তেজিত কৰিছিল৷


তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্যলঙ্ঘন কৰি যি যি পাত্ৰ পেলাই দিছিল, সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওঁক, সেইবোৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত আছে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন