Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 28:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 কিয়নো তেওঁ নিজকে পৰাজয় কৰা দম্মেচকীয় দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল৷ তেওঁ কৈছিল, “অৰামীয়া ৰজাসকলৰ দেৱতাবোৰে অৰামীয়াসকলক সহায় কৰিলে; এই হেতুকে ময়ো তেওঁলোকৰ উদ্দেশ্যে বলিদান কৰিম; তেতিয়া তেওঁলোকে মোকো সহায় কৰিব।” কিন্তু সেইবোৰেই তেওঁৰ আৰু গোটেই ইস্ৰায়েলৰ সৰ্ব্বনাশৰ কাৰণ হ’ল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 28:23
11 পৰস্পৰ সংযোগসমূহ  

ইদোমীয়াসকলক বধ কৰি ঘূৰি অহাৰ পাছত, অমচিয়াই চেয়ীৰৰ সন্তান সকলৰ দেৱতাবোৰ লগত আনি নিজৰ দেৱতা বুলি সেইবোৰ স্থাপন কৰিলে৷ তেওঁ সেইবোৰৰ আগত প্ৰণিপাত কৰিবলৈ ও সেইবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ ধৰিলে।


তাৰ পাছত তেওঁলোকে বতাহৰ দৰে ক্ষিপ্রগতিৰে আগবাঢ়িব; আৰু যিসকলৰ শক্তিয়েই নিজৰ দেৱতা, সেই দোষী লোকসকলৰ ওপৰেৰে পাৰ হ’ব।”


হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰীৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম,


সেইবোৰ শিল্পকাৰে খাজুৰ গছৰ আকৃতিৰে কুন্দত কটা কাঠৰ নিচিনা, আৰু কথা কব নোৱাৰে। সেইবোৰক বৈ নিব লগীয়া হয়, কাৰণ সেইবোৰে খোজ কাঢ়িব নোৱাৰে। তোমালোকে সেইবোৰলৈ ভয় নকৰিবা; কাৰণ সেইবোৰে কোনো পাপ কৰিব নোৱাৰে আৰু হিত কৰিবলৈকো সেইবোৰৰ সাধ্য নাই।


বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।


জাতিবোৰৰ মাজৰ শৰণার্থীসকল, তোমালোক একগোটহৈ নিজকে সমবেত কৰা আৰু আহাঁ! যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে, আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই।


তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হবলৈ, আৰু ডিঙিৰ নলী শুকান হবলৈ নিদিবা। কিন্তু তুমি কৈছা, “ইয়াত আশা নাই, সমূলি নাই; কিয়নো মই বিদেশীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰেই পাছত চলিম!”


তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন