2 বংশা 26:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20195 তেওঁ জখৰিয়াৰ জীৱন কালত ঈশ্বৰক বিচাৰিবলৈ স্থিৰ কৰিছিল; তেওঁ ঈশ্ৱৰক মানি চলাৰ কাৰণে জখৰিয়াই তেওঁক উপদেশ দিছিল৷ তেওঁ যিমান কাল ঈশ্বৰক বিচাৰিলে, সিমান কাল ঈশ্বৰে তেওঁক সফল হ’বলৈ দিছিল। অধ্যায়টো চাওক |
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
মই শুনিছোঁ যে, আপুনি অৰ্থ বুজাব পাৰে, আৰু সমস্যা সামাধান কৰিব পাৰে। সেয়ে এতিয়া যদি আপুনি এই লিখা কথাখিনি পঢ়িব পাৰিব, আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰিব, তেনেহ’লে আপোনাক বেঙেনা বৰণীয়া বস্ত্র পৰিধান কৰোঁৱা হ’ব, আপোনাৰ ডিঙিত সোণৰ হাৰ পিন্ধোৱা হ’ব, আৰু আপোনাক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।