Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 23:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 আৰু চাই দেখিলে যে, সোমোৱা ঠাইত ৰজা নিজ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে আৰু শতপতিসকল ও তুৰী বজোৱাসকল ৰজাৰ ওচৰত আছে৷ দেশৰ সকলো লোকসকলে আনন্দ কৰি আছিল, তুৰী বজাই আছিল আৰু প্ৰশংসা কৰিব জনা নিপুণ গায়কসকলে বাদ্যযন্ত্ৰ লৈ গীত গাই আছিল। তেতিয়া অথলিয়াই নিজৰ কাপোৰ ফালি, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!” বুলি চিঞৰি চিঞৰি ক’লে।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 23:13
23 পৰস্পৰ সংযোগসমূহ  

কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।


সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে। কিন্তু যেতিয়া এজন দুষ্টলোক শাসনকৰ্ত্তা হয়, তেতিয়া লোকসকল বিৰক্তি পায়।


যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়।


ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।


পাছত ৰজাই নিজৰ ঠাইত থিয় হৈ যিহোৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে আৰু সকলো প্ৰাণেৰে, তেওঁৰ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ যিহোৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে।


দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল।


চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল।


ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।


স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।


এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাসঘাতক।”


তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”


সেইদৰে গিদিয়োনে তিনি শ লোকক ৰাখি বাকী সকলো ইস্রায়েলীয়া লোকক নিজৰ তম্বুলৈ পঠাই দিলে। গিদিয়োনে তেওঁলোকৰ হাতত থকা খোৱা বস্তু আৰু শিঙাবোৰ ৰাখি থলে। সেই সময়ত মিদিয়নীয়াৰ ছাউনি গিদিয়োনৰ ছাউনিৰ তলৰ উপত্যকাত আছিল।


তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”


যেতিয়া অথলিয়াই লোকসকলক লৰাঢাপৰা কৰা আৰু ৰজাক প্ৰশংসা কৰি চিঞৰ-বাখৰ কৰা শুনিলে তেতিয়া তেওঁ যিহোৱাৰ গৃহলৈ লোকসকলৰ ওচৰলৈ আহিল;


কিন্তু যিহোয়াদা পুৰোহিতে সৈন্যৰ অধ্যক্ষ শতপতিসকলক বাহিৰলৈ আনি ক’লে, “তাইক দুই শাৰীৰ মাজেদি বাহিৰলৈ লৈ যোৱা; যি জন লোক তাইৰ পাছত যাব, তেওঁক তৰোৱালেৰে বধ কৰা হওক।” কিয়নো পুৰোহিতে কৈছিল, “যিহোৱাৰ গৃহৰ ভিতৰত তাইক বধ নকৰিবা।”


আৰু অধিপতিজন বাহিৰৰ পৰা বাট-চৰাৰ বাৰাণ্ডাৰ বাটেদি সোমাই বাট-চৰাটোৰ দুৱাৰৰ খুটাৰ ওচৰত থিয় হ’ব আৰু পুৰোহিতসকলে তেওঁৰ হোম-বলি ও মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব আৰু তেওঁ দুৱাৰডলিত প্ৰণিপাত কৰিব, পাছত ওলাই যাব; কিন্তু বাট-চৰাটো গধূলি নোহোৱালৈকে বন্ধ কৰা নাযাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন