Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 22:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 অহজিয়াৰ মাক অথলিয়াই যেতিয়া নিজৰ পুত্ৰৰ মৃত্যু হোৱা দেখিলে, তেতিয়া তেওঁ উঠি যিহূদাৰ গোটেই ৰাজ-বংশকে সংহাৰ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 22:10
6 পৰস্পৰ সংযোগসমূহ  

কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি হ’ল৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে।


তেতিয়া লোকসকলে তেওঁৰ বাবে বাট এৰি দিলে আৰু তেওঁ অশ্ব-দুৱাৰৰ সোমোৱা ঠাইলৈ গৈ ৰাজগৃহত সোমাল আৰু সেই ঠাইতে তেওঁলোকে তেওঁক বধ কৰিলে।


এই হেতুকে আহাঁ, তুমি নিজৰ আৰু তোমাৰ পুত্ৰ চলোমনৰ প্ৰাণ ৰক্ষা কৰিবলৈ, মই এতিয়া তোমাক পৰামৰ্শ দিওঁ৷


আপুনি যদি ইয়াকে নকৰে, তেনেহলে মোৰ প্ৰভু মহাৰাজ ওপৰ-পিতৃসকলৰ লগত যেতিয়া ওপৰ-পিতৃসকলৰ সৈতে নিদ্ৰিত হ’ব, তেতিয়া মই আৰু মোৰ পুত্ৰ চলোমন অপৰাধী হিচাবে গণিত হ’ব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন