2 বংশা 21:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201910 এইদৰে ইদোমীয়াসকল আজিলৈকে যিহূদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি সদায় বিদ্ৰোহ কৰি থাকিল৷ সেই একে সময়তে লিব্নায়ো তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহ আচৰণ কৰিলে, কিয়নো যিহোৰামে তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিছিল। অধ্যায়টো চাওক |
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।