8 তেওঁলোকে এই দেশত বাস কৰিছিল আৰু এই ঠাইত আপোনাৰ নামৰ বাবে এক ধৰ্মধাম সাজি লৈ কৈছিল,
চাওঁক, মই মোৰ ঈশ্বৰ যিহোৱাৰ নামেৰে এটা গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ; তেওঁৰ আগত সু-গন্ধি ধূপ জ্বলাবলৈ, নৃত্য দৰ্শন-পিঠা দিবলৈ আৰু প্ৰতি ৰাতিপুৱা ও সন্ধিয়া কালত, বিশ্ৰামবাৰত, ন-জোনত আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ সকলো উৎসৱত হোম-বলি উৎসর্গ কৰিবলৈ তাক পবিত্ৰ কৰিম৷ সেয়ে ইস্ৰায়েলে সদায় কৰিব লগা কাৰ্য।
হে আমাৰ ঈশ্বৰ, আপুনিয়েই জানো আপোনাৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ আগৰ পৰা এই দেশ নিবাসীসকলক দূৰ কৰি অব্ৰাহামৰ বংশক চিৰকালৰ বাবে এই দেশ দিয়া নাই?
‘আমালৈ যদি অমঙ্গল ঘটে - তৰোৱাল বা বিচাৰ, সিদ্ধ দণ্ড বা মহামাৰী বা আকালে হওঁক তেতিয়া আমি এই গৃহৰ আগত আৰু আপোনাৰ আগত (কিয়নো এই গৃহত আপোনাৰ নাম আছে) থিয় হৈ, সঙ্কতৰ কালত আপোনাৰ আগত কাতৰোক্তি কৰিম; তাতে আপুনি সেই বিষয়ে শুনি আমাক উদ্ধাৰ কৰিব।’
এই বাক্য যিহোৱাই কৈছিল আৰু তেওঁ সফলো কৰিলে; কিয়নো যিহোৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দায়ূদৰ পদত নিযুক্ত হলোঁ আৰু ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্ম্মাণ কৰিলোঁ।
‘মোৰ প্ৰজা ইস্ৰায়েলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ অৰ্থে গৃহ নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত কোনো নগৰ মনোনীত কৰা নাই আৰু ইস্ৰায়েলৰ ওপৰত ৰাজকুমাৰ হ’বৰ কাৰণে মই কাকো মনোনীত কৰা নাই৷
কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’
এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।