2 বংশা 20:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201919 কহাতৰ বংশৰ আৰু কোৰহৰ বংশৰ লেবীয়াসকলে তেতিয়া উঠি থিয় হ’ল আৰু অতিশয় বৰ মাতেৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিলে৷ অধ্যায়টো চাওক |
তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷