1 তাৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে শান্তিৰে যিৰূচালেমৰ নিজৰ ঘৰলৈ ঘূৰি আহিল৷
সেই দিনা বৰ যুদ্ধ হ’ল আৰু গধূলি নহোৱালৈকে অৰামীয়াসকলৰ আগত ইস্ৰায়েলৰ ৰজাক ৰথত থিয়কৈ ৰখাই হ’ল; আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ’ল।
তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।