27 মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।”
পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ ক’লে - “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক।
তাৰ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি ক’লে, “মোৰ কথা শুনক আৰু বুজক।
যাৰ কাণ আছে, তেওঁ শুনক।”
হে লোকসকল, সকলোৱে শুনক। হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
মোৰ প্রজাসকলৰ সকলো পাপীলোকে কয়, “অমঙ্গলে আমাক ঢুকি নাপাব নাইবা আমাৰ ওচৰলৈ নাহিব; তেওঁলোক সকলোৰে মৃত্যু তৰোৱালৰ দ্বাৰাই হ’ব।
আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
তাৰ পাছত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে উঠিল।