2 বংশা 17:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20193 যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷ অধ্যায়টো চাওক |
তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীবোৰৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।