11 আৰু পলেষ্টীয়াসকলৰ কিছুমান লোকে যিহোচাফটলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে৷ আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ সাতশ মতা ভেড়া আৰু সাত হাজাৰ সাতশ ছাগলী আনিলে।
তেতিয়া অম্মোনীয়াসকলে উজ্জিয়াক উপহাৰ দিছিল; আৰু তেওঁৰ যশস্যা মিচৰৰ প্ৰৱেশ কৰা ঠাইলৈকে বিয়পি পৰিছিল, কিয়নো তেওঁ নিজকে অতিশয় বলৱান কৰি তুলিছিল।
সেয়াও বেপাৰী আৰু বণিসকলে অনা সোণৰ বাহিৰে৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমন ৰজালৈ সোণ আৰু ৰূপ আনিলে।
তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।
এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল।
মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।
এইদৰে যিহোচাফটে অতি শক্তিশালী হৈ উঠিছিল৷ তেওঁ যিহূদাত অনেক দুৰ্গ আৰু ভঁৰাল-নগৰ সাজিছিল।
যিহোৱাই যিহোৰামৰ অহিতে পলেষ্টীয়া আৰু কুচীয়াৰ ওচৰত থকা আৰবীয়া লোকসকলৰ মন উচটাই পেলালে৷
সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।
যেতিয়া তূৰৰ ৰজা হীৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসবোৰক পঠিয়াই দিলে; কিয়নো চলোমনৰ পিতৃ দায়ূদৰ সৈতে তূৰৰ ৰজা হীৰমৰ সদায় বন্ধুত্ব আছিল।
আৰু প্ৰতিজনে নিজ নিজ উপহাৰ, ৰূপৰ আৰু সোণৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ এইবোৰ লৈ প্ৰতি বছৰে বছৰে আহিছিল।
আৰব আৰু কেদৰৰ আটাই মূখ্য লোকসকল তোমাৰ বণিক আছিল; তেওঁলোকে তোমাক মেৰ-ছাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছল।