10 তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে।
তেওঁলোকে গৰাৰৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল’লে, কিয়নো যিহোৱাৰ ত্ৰাস তেওঁলোকৰ ওপৰলৈ আহিল৷ আৰু তেওঁলোকে আটাইবোৰ নগৰ লুট কৰিলে, কাৰণ সেইবোৰত অনেক লুট দ্ৰব্য আছিল।
যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।
কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।”
মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।
পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল।
যিহোৱাই ইস্ৰায়েলৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা কথা আন আন দেশৰ সকলো লোকে শুনি, ঈশ্বৰৰ প্ৰতি ভয় পালে।
তাতে আচা আৰু তেওঁৰ লগৰ সৈন্যসকলে গৰাৰলৈকে সিহঁতৰ পাছে পাছে খেদি গ’ল৷ গতিকে কুচীয়াসকলৰ অনেক লোক ইমানকৈ মৰা পৰিল যে, সিহঁতে পুনৰায় সবল হ’ব নোৱাৰিলে, কাৰণ যিহোৱা আৰু তেওঁৰ সৈন্যসামন্তৰ আগত সিহঁত বিনষ্ট হ’ল; আৰু লোকসকলে অধিক অধিক লুটদ্ৰব্য নিলে।
তেওঁলোকে সাপৰ দৰে ধূলি চেলেকিব, আৰু পৃথিবীত বগাই ফুৰা প্ৰাণীৰ দৰে, তেওঁলোকে গুহাৰ পৰা ভয়েৰে বাহিৰ ওলাব; তেওঁলোকে ভয়েৰে আমাৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ আহিব, আৰু আপোনাৰ কাৰণে তেওঁলোকে ভয় কৰিব।