2 বংশা 15:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201916 ৰজা আচাই তেওঁৰ বুঢ়ীমাক মাখাকো ৰাজমাও পদৰ পৰা আঁতৰাইছিল, কিয়নো তেওঁৰ বুঢ়ীমাক মাখাই আচেৰা মূৰ্তি বুলি এটা ঘিণলগীয়া প্রতিমা স্থাপন কৰিছিল। স্থাপন কৰা সেই মূর্তিটো আচাই কাটি, সেইটো গুৰি কৰি কিদ্ৰোণ জুৰিৰ ওচৰত পুৰি পেলাইছিল। আৰু তাক গুৰি কৰি কিদ্ৰোণ জুৰিৰ কাষত পুৰি পেলালে। অধ্যায়টো চাওক |
ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।