16 তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিহূদাৰ সন্মুখৰ পৰা পলাল অাৰু ঈশ্বৰে তেওঁলোকক যিহূদাৰ হাতত শোধাই দিলে।
কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল।
চৌলে দায়ুদ কয়ীলালৈ যোৱাৰ বাতৰি পাই ক’লে, “যিহোৱাই মোৰ হাতত তেওঁক সমৰ্পণ কৰিছে। তেওঁ আৱদ্ধ হৈ গ’ল কাৰণ নগৰত দুৱাৰবোৰ বন্ধ কৰা হ’ল।”
তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
যিহূদা বংশৰ লোকসকল ওপৰলৈ উঠি গৈ আক্রমণ কৰাত যিহোৱাই কনানীয়া আৰু পৰিজ্জীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ দহ হাজাৰ সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে।
তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক ইমোৰীয়া সকলৰ ওপৰত জয়ী হ’বলৈ দিলে৷ সেইদিনা যিহোচূৱাই ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাক ক’লে, “হে সূৰ্য, তুমি গিবিয়োনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ্ৰ, তুমি অয়ালোনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা৷”
এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ; এজনকো অৱশিষ্ট নাৰাখিলোঁ।
অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক।” তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহা সংহাৰেৰে সংহাৰ কৰিলে; তাতে ইস্ৰায়েলৰ মাজত পাঁচলাখ মনোনীত লোকৰ মৃত্যু হ’ল।