Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 13:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 কিন্তু যাৰবিয়ামে তেওঁলোকক আক্ৰমণ কৰিবৰ অৰ্থে যুগুত হ’ল আৰু গুপুতে এদল সৈন্য তেওঁলোকৰ পাছ ফাললৈ ঘূৰাই পঠালে; তাতে এদল লোক যিহূদাৰ আগফালে আৰু সেই গুপুতে পঠোৱা দলটো তেওঁলোকৰ পাছফালে আছিল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 13:13
6 পৰস্পৰ সংযোগসমূহ  

এইদৰে, যিহোচূৱাই তেওঁলোকক পঠোৱাৰ পাছত তেওঁলোকে গৈ অয়ৰ পশ্চিমে বৈৎএলৰ আৰু অয়ৰ মাজ ঠাইত লুকাই থাকিল; কিন্তু যিহোচূৱাই লোকসকলৰ মাজত সেই ৰাতিটো শুই থাকিল।


তেওঁ তেওঁলোকক এই আজ্ঞা দিলে, “চোৱা, তোমালোক নগৰৰ বিপৰীতে, পাছফালে লুকাই থাকিবা৷ নগৰৰ পৰা বৰ দূৰলৈ নাযাবা, কিন্তু তোমালোক সকলোৱে যুগুত থাকিবা।


যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।


যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।


যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।


নবাটৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়ামে যিহূদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন